দুটা ভাল খবৰ

দুটা ভাল খবৰ

IMG-20170826-WA0016

এজন শিল্পী। তেখেতৰ নাম অপুৰাজ বৰুৱা। এই বিশেষ শিল্পী জনে বানে জুৰুলা কৰা সকলৰ এধানি সহাঁৰিৰ বাবে প্ৰস্তুত কৰিছে বিভিন্নজন গায়ক, শিল্পীৰ গানৰ প্ৰেইণ্টিং। আটাইতকৈ আমোদজনক কথা হ’ল যে প্ৰতিখন প্ৰেইণ্টিং বিক্ৰী কৰি পোৱা অৰ্থ বানাক্ৰান্ত সকললৈ আগবঢ়াব। শিল্পী অপুৰাজ বৰুৱাই এখন ব্লেডেৰে ব্ৰমিড পেপাৰত অংকন কৰি তুলিছে ২০০ খনৰো অধিক প্ৰেইণ্টিং।

PicsArt_08-26-07.12.37

অতি সুক্ষ্ম ভাবে ছাঁ আৰু পোহৰৰ সংমিশ্ৰণ কৰি প্ৰতিখন প্ৰেইণ্টিঙক প্ৰাণ দিছে। উল্লেখযোগ্য যে হোটেল ব্ৰহ্মপুত্ৰ অশোকাত প্ৰদৰ্শনী আৰু বিক্ৰী ব্যৱস্থা কৰিছে। শিল্পী জনক সহযোগ কৰিছে অসম পৰ্যটন উন্নয়ন নিগমে।

IMG-20170826-WA0018

আনহাতে বৰ্ষা ঋতুৰ এক খাদ্য উৎসৱ আয়োজন কৰিছে হোটেল ৰাজমহলে। এই খাদ্য উৎসৱ ২৫ আগষ্টৰ পৰা ২৪ ছেপ্টেম্বৰলৈ চলি থাকিব। অতি সুলভ মূল্যত গ্ৰাহকে খাদ্যৰ জুতি ল’ব পাৰিব বুলি এক সংবাদ মেল যোগে সদৰী কৰে পাৰ্থ চেটাৰ্জী, ইবুনগ সিংহা, সুৰজিৎ দে, কমল দেৱ দাস আৰু জয়দীৱে।

Comments (1)
Add Comment
  • কুলদীপ দাস

    অপুৰাজ বৰুৱা ডাঙৰীয়াৰ মহান প্ৰচেষ্টা সঁচাই ব্যতিক্ৰমী আৰু আদৰণীয়।