ধাৰাপুৰত নাওখেল সম্পন্ন

ধাৰাপুৰত নাওখেল সম্পন্ন

মহানগৰীৰ পশ্চিম ধাৰাপুৰ ধোপৰতলত পৰম্পৰাগত ভাবে হিন্দু মুছলিমৰ মাজত ভাতৃত্ব বোধ ৰক্ষাৰ উদ্দেশ্যেৰে   ২৪ অক্টোবৰৰ দিনা লক্ষ্মী পুজা উপলক্ষে ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত অনুষ্ঠিত কৰা হয় নাওখেল প্ৰতিযোগিতা । এই নাও খেলত খেলুৱৈ সকলৰ লগতে দৰ্শকৰ মাজত যাতে কোনো ধৰণৰ অঘটন নহয় তাৰ বাবে মহানগৰ আৰক্ষী, নদী আৰক্ষী, SDRF বাহিনী আৰু জিলা প্ৰশাসনে তীক্ষ্ণ নজৰ ৰাখিছে । এই খেলত কামৰূপ গ্ৰাম্য জিলাৰ প্ৰায় দহটা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । তীব্ৰ উত্তেজনা মূলক খেল উপভোগ কৰিবলৈ মহানগৰীৰ অগণন লোক সমবেত হয় । প্ৰতিযোগিতাত হাজো বৰ্ণিৰ ৰাইজৰ আশীৰ্বাদ নামৰ নাওখনে প্ৰথম আৰু একে স্থানৰে দীনদয়াল নামৰ নাওখনে দ্বিতীয় স্থান লাভ কৰে । বিগত ৩৫ বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে এই নাও খেল প্ৰতিযোগিতা ।

Comments (0)
Add Comment