মহানগৰীৰ পশ্চিম ধাৰাপুৰ ধোপৰতলত পৰম্পৰাগত ভাবে হিন্দু মুছলিমৰ মাজত ভাতৃত্ব বোধ ৰক্ষাৰ উদ্দেশ্যেৰে ২৪ অক্টোবৰৰ দিনা লক্ষ্মী পুজা উপলক্ষে ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত অনুষ্ঠিত কৰা হয় নাওখেল প্ৰতিযোগিতা । এই নাও খেলত খেলুৱৈ সকলৰ লগতে দৰ্শকৰ মাজত যাতে কোনো ধৰণৰ অঘটন নহয় তাৰ বাবে মহানগৰ আৰক্ষী, নদী আৰক্ষী, SDRF বাহিনী আৰু জিলা প্ৰশাসনে তীক্ষ্ণ নজৰ ৰাখিছে । এই খেলত কামৰূপ গ্ৰাম্য জিলাৰ প্ৰায় দহটা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । তীব্ৰ উত্তেজনা মূলক খেল উপভোগ কৰিবলৈ মহানগৰীৰ অগণন লোক সমবেত হয় । প্ৰতিযোগিতাত হাজো বৰ্ণিৰ ৰাইজৰ আশীৰ্বাদ নামৰ নাওখনে প্ৰথম আৰু একে স্থানৰে দীনদয়াল নামৰ নাওখনে দ্বিতীয় স্থান লাভ কৰে । বিগত ৩৫ বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে এই নাও খেল প্ৰতিযোগিতা ।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ