নপ্ৰজন্মৰ এক ন আদৰ্শ

যিটো সময়ত নৱপ্ৰজন্মই নিজৰ জন্মদিন হোটেল, ৰেষ্টুৰেণ্ট ৰিজৰ্ট আদিত ব্যয়বহুল ভাৱে উদযাপন কৰে, তেনে সময়তে চৰাইদেউ জিলাৰ চুকাফা অঞ্চলৰ এগৰাকী ছাত্ৰীয়ে নিজৰ জন্মদিন পালন কৰিলে গাওঁবাসীৰ লগত গছ পুলি ৰোপন কৰি। চুকাফা অঞ্চলৰ শিক্ষক ধৰ্মেশ্বৰ কোঁৱৰৰ জীৱাৰী মেঘালী কোঁৱৰে ১৬ বছৰীয়া জন্মদিনটোত, গাওঁ বাসীৰ সহযোগত ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাঙ্গনত ১২০ টা ফলৰ পুলি ৰোপন কৰে৷ নিজৰ জন্মদিনটো পৰিয়াল তথা বন্ধু বৰ্গৰ লগত হোটেল, ৰেষ্টুৰেণ্ট, ৰিচৰ্ট আদিত চেলিব্ৰেচন নকৰি গাওঁবাসীৰ লগত গছ পুলি ৰোপন কৰা কাৰ্যক একেমুখে শলাগ লৈছে বিভিন্ন জনে। উল্লেখ্য যে মেঘালীৰ পিতৃ শিক্ষক ধৰ্মেশ্বৰ কোৱঁৰেও চুকাফাস্থিত গৃহৰ সন্মুখৰ পথত এক হাজাৰ বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপন কৰিছিল, বৰ্তমানে লহপহকৈ বাঢ়ি অহা পুলি সমুহৰ তত্বাৱধান লৈছে গাওঁবাসীয়ে।

Comments (0)
Add Comment