যিটো সময়ত নৱপ্ৰজন্মই নিজৰ জন্মদিন হোটেল, ৰেষ্টুৰেণ্ট ৰিজৰ্ট আদিত ব্যয়বহুল ভাৱে উদযাপন কৰে, তেনে সময়তে চৰাইদেউ জিলাৰ চুকাফা অঞ্চলৰ এগৰাকী ছাত্ৰীয়ে নিজৰ জন্মদিন পালন কৰিলে গাওঁবাসীৰ লগত গছ পুলি ৰোপন কৰি। চুকাফা অঞ্চলৰ শিক্ষক ধৰ্মেশ্বৰ কোঁৱৰৰ জীৱাৰী মেঘালী কোঁৱৰে ১৬ বছৰীয়া জন্মদিনটোত, গাওঁ বাসীৰ সহযোগত ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাঙ্গনত ১২০ টা ফলৰ পুলি ৰোপন কৰে৷ নিজৰ জন্মদিনটো পৰিয়াল তথা বন্ধু বৰ্গৰ লগত হোটেল, ৰেষ্টুৰেণ্ট, ৰিচৰ্ট আদিত চেলিব্ৰেচন নকৰি গাওঁবাসীৰ লগত গছ পুলি ৰোপন কৰা কাৰ্যক একেমুখে শলাগ লৈছে বিভিন্ন জনে। উল্লেখ্য যে মেঘালীৰ পিতৃ শিক্ষক ধৰ্মেশ্বৰ কোৱঁৰেও চুকাফাস্থিত গৃহৰ সন্মুখৰ পথত এক হাজাৰ বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপন কৰিছিল, বৰ্তমানে লহপহকৈ বাঢ়ি অহা পুলি সমুহৰ তত্বাৱধান লৈছে গাওঁবাসীয়ে।
Trending
- আজিৰে পৰা অসম সহ উত্তৰ-পূৰ্ব্বাঞ্চল অভিমুখে যাত্ৰা কৰিব ভাৰত গৌৰৱ ৰেল
- গুৱাহাটী প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানত জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা, সংবাদ মাধ্যমক অধিক দায়বদ্ধতাৰে কাম কৰি যাবলৈ আহ্বান
- VPP organises Rally of Gratitude
- দীপৰ বিল সংৰক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে ৩পৰিবেশ কৰ্মীয়ে
- First Meghalaya International Film Festival Drew it’s Curtain on an Encouraging Note
- গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তী অনুষ্ঠান আয়োজন
- মিৰ্জাৰ উইজডম পাব্লিক স্কুলৰ বছৰেকীয়া সাংস্কৃতিক অনুষ্ঠান সম্পন্ন
- মিডিয়া ক্রিকেটৰ ফাইনেলত গুৱাহাটী প্ৰেছ ক্লাব
- Minister Jayanta Mallabaruah attends an Interactive Session with Goshalas & Dugdha Utpadok Samabai Samiti on the implementation of GOBARDHAN scheme
- জনতাই জনাৰ্দন,নৰৰূপী নাৰায়ণৰ সেৱাত বিজেপি- ভৱেশ কলিতা