কালি ৮ মাৰ্চত।সমগ্ৰ দেশজুৰি উদযাপিত হ’ব নাৰী দিৱস।এইবাৰ নাৰী দিৱসত নাৰী সকলক বিশেষ সন্মান প্ৰদৰ্শন কৰিছে ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণে।উল্লেখযোগ্য যে কালি দিনটোত তাজমহল, লালকিল্লা আৰু কুটুব মিনাৰত মহিলাৰ বিনামূলীয়া প্ৰৱেশ কথা ঘোষণা কৰিছে। কালি দিনটোত মহিলা সকলে দেশৰ এই তিনি পৰ্যটন ক্ষেত্ৰত বিনামূলীয়াকৈ প্ৰৱেশ কৰিবলৈ সুযোগ পাব।উল্লেখযোগ্য যে সমগ্ৰ দেশতে নাৰীৰ স্ব অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ হকে এই দিৱস পালন কৰি আহিছে।
নাৰী দিৱসত নাৰীসকলে প্ৰেমৰ সৌধত বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব
