পদ পথৰ কুকুৰ মেকুৰীক খাদ্য যোগান ধৰিলে জৰুৰীকালীন সেৱাৰ যুৱতীয়ে

সম্প্ৰতি দেশত লক ডাউন  চলি আছে । লক ডাউনৰ এই সময়চোৱাত  সকলো গৃহবন্দী। বৰ্তমান সময়ত খাদ্যৰ বাবে বিশেষ অসুবিধাত পৰিছে পথৰ কুকুৰ,মেকুৰী তথা চৰাইসমূহ। এই পদ পথৰ কুকুৰ,মেকুৰীক খাদ্য বিতৰণৰ বাবে আগবাঢ়ি আহিছে জৰুৰীকালীন সেৱাৰ লগত জড়িত কেইগৰাকীমান যুৱতী।
 
 
 
গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত বহুতো পোহনীয়া  কুকুৰ,মেকুৰী আছিল। এইসমূহক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে খাদ্য সামগ্ৰী দি আহিছিল। কিন্তু লক ডাউনৰ বাবে বিশ্ববিদ্যালয়খন হোষ্টেলত কোনো আৱাসী নাই । যাৰ বাবে খাবলৈ নাপাই অনাই বনাই  কুকুৰ সমূহ ঘুৰি আছিল।
 
জানিব পৰা মতে প্ৰতিদিনে এই যুৱতী সকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে মহানগৰীৰ  বিভিন্ন স্থানত কুকুৰ মেকুৰীৰ বাবে খাদ্য যোগান ধৰিব।যুৱতী কেইগৰাকীৰ এই প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে।
 
 

Comments (0)
Add Comment