পলাশবাৰীৰ মনপুৰত গান্ধী জয়ন্তী উপলক্ষে বৃক্ষ ৰোপন কাৰ্যসূচী অনুষ্ঠিত

পলাশবাৰীৰ মনপুৰত গান্ধী জয়ন্তী উপলক্ষে বৃক্ষ ৰোপন কাৰ্যসূচী অনুষ্ঠিত

জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন ধৰণে উদযাপন কৰা হয়। সমান্তৰালভাৱে পলাশবাৰীৰ মনপুৰৰ সাতোপাৰা শ্ৰীশ্ৰী বাসন্তী পূজা সমিতিৰ সৌজন্যত বাসন্তী পূজা মন্দিৰ প্ৰাঙ্গনত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
 
 
এই উপলক্ষে সাতোপাৰা ৰাইজ গয়ৰহৰ সভাপতি নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে সম্পাদক প্ৰদীপ দাসে। সভাত বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী অনিল দাস, পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধৃতিষ্মান দাস, পলাশবাৰী চেণ্টপ্লাই উদ্যোগৰ মহাপ্ৰৱন্ধক মলিন শৰ্মা, বিশিষ্ট ব্যৱসায়ী তথা মহেন্দ্ৰ মোহন চৌধুৰী হাইস্কুলৰ দাতা দীনেশ চৌধুৰী, কোচপাৰা গাঁও পঞ্চায়তৰ সভাপনেত্ৰী স্বপ্না দাস, বিশিষ্ট ব্যৱসায়ী প্ৰকাশ গুদুকা, প্ৰধান শিক্ষক সুভাষ শৰ্মা, যুৱনেতা অনুপ কুমাৰ মেধী আদিয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ লগতে সকলোৱে একোটাকৈ মন্দিৰৰ চৌহদত গছপুলি ৰোপন কৰে।
খবৰ যুগুতালে ছয়গাঁৱৰ পৰা জিতুমণি দাসে..

Comments (0)
Add Comment