পলাশবাৰীৰ ৰামপুৰ কৃষি উন্নয়ন চক্ৰই বিতৰণ কৰিলে জৈৱিক সাৰ আৰু কৃষি সামগ্ৰী

ৰাজ্য কৃষকসকলৰ সুবিধাৰ বাবে চৰকাৰে সময়ে সময়ে বিভিন্ন আচনি ৰূপায়ণ কৰি আহিছে। তাৰেই অংশ হিচাপে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আচনিৰ অধীনত ২০২২-২৩ বৰ্ষৰ বাবে পলাশবাৰীৰ ৰামপুৰ কৃষি উন্নয়ন চক্ৰই যোৱা ৩১ জুলাইত ৬ কুইণ্টল ৩০ কেজি জৈৱিক সাৰ, ৭ কুইণ্টল জিংক ছালফেট আৰু ১.৫ কুইণ্টল ক্ৰাইজেফ সোনা (মৰাপাটৰ বাবে) গুইমাৰা-চিমিনা, চুলিকাটা আৰু দখলা আদি নৈপৰীয়া অঞ্চলৰ মাহজাতীয় আৰু মৰাপাট খেতি থকা কৃষকসকলৰ মাজত বিতৰণ কৰে। ইয়াৰ উপৰিও ৮ টা Wel land paddy weeder আৰু ৮ টা horticulture kit কৃষকৰ মাজত কৃষিৰ বাবে ব্যৱহৃত বিভিন্ন সা-সামগ্ৰীয়ো বিতৰণ কৰি উৎসাহিত কৰে। কৃষি বিষয়া গিৰীন্দ্ৰ শৰ্মাৰ নেতৃত্বত তথা লংকেশ্বৰ কলিতাৰ সহযোগত এইসমূহ বয় বস্তু লাভ কৰি কৃষকসকলে উপকৃত হোৱা বুলি জানিবলৈ দিয়ে।

Comments (0)
Add Comment