ৰাজ্য কৃষকসকলৰ সুবিধাৰ বাবে চৰকাৰে সময়ে সময়ে বিভিন্ন আচনি ৰূপায়ণ কৰি আহিছে। তাৰেই অংশ হিচাপে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আচনিৰ অধীনত ২০২২-২৩ বৰ্ষৰ বাবে পলাশবাৰীৰ ৰামপুৰ কৃষি উন্নয়ন চক্ৰই যোৱা ৩১ জুলাইত ৬ কুইণ্টল ৩০ কেজি জৈৱিক সাৰ, ৭ কুইণ্টল জিংক ছালফেট আৰু ১.৫ কুইণ্টল ক্ৰাইজেফ সোনা (মৰাপাটৰ বাবে) গুইমাৰা-চিমিনা, চুলিকাটা আৰু দখলা আদি নৈপৰীয়া অঞ্চলৰ মাহজাতীয় আৰু মৰাপাট খেতি থকা কৃষকসকলৰ মাজত বিতৰণ কৰে। ইয়াৰ উপৰিও ৮ টা Wel land paddy weeder আৰু ৮ টা horticulture kit কৃষকৰ মাজত কৃষিৰ বাবে ব্যৱহৃত বিভিন্ন সা-সামগ্ৰীয়ো বিতৰণ কৰি উৎসাহিত কৰে। কৃষি বিষয়া গিৰীন্দ্ৰ শৰ্মাৰ নেতৃত্বত তথা লংকেশ্বৰ কলিতাৰ সহযোগত এইসমূহ বয় বস্তু লাভ কৰি কৃষকসকলে উপকৃত হোৱা বুলি জানিবলৈ দিয়ে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ