পাইপ লাইন ৰাইট টু ইউজ শ্বেয়াৰিঙৰ বাবে এন আৰ এল আৰু গেইলে চুক্তিত স্বাক্ষৰ কৰিলে

এক ঐতিহাসিক পাইপলাইন ৰাইট টু ইউজ শ্বেয়াৰিঙ চুক্তি যোৱা ১৪ অক্টোবৰত এন আৰ এল আৰু গেইলৰ মাজত নতুন দিল্লীত সম্পন্ন হয়। এই চুক্তি খন এন আৰ এলৰ জি এম পি জে শৰ্মা আৰু গেইলৰ জি এম শ্ৰী কে কে চশ্বদেৱৰ দ্বাৰা এন আৰ এলৰ পৰিচালনা সঞ্চালক এছ কে বৰুৱা আৰু গেইলৰ মুখ্য পৰিচালক সঞ্চালক মনোজ জৈনৰ তথা গেইলৰ পৰিচালকবৃন্দ আৰু দুয়োটা কোম্পানীৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতত স্বাক্ষৰিত হয়।
 
 
এই চুক্তি অনুযায়ী দুয়োটা কোম্পানীয়ে পূৰ্ণিয়াৰ পৰা অসমৰ গুৱাহাটীলৈ ৫৫০ কি.মিটাৰ যোৰা এলেকাত দুয়োটা কোম্পানীৰ পাইপলাইন বহুৱাৰ ক্ষেত্ৰত এক উমৈহতীয়া ব্যৱহাৰৰ অধিকাৰ লাভ কৰে।গেইলে বাৰাউনী-গুৱাহাটী পাইপলাইন বহুওৱাৰ কাম কৰিছে যিটো প্ৰধানমন্ত্ৰী উৰ্যা গংগা বুলি জনাজাত জগদীশপুৰ হালদীয়া আৰু ব’কাৰো ধৰ্ম নেচাৰেল গেছ পাইপলাইন প্ৰকল্পৰ অংশ আৰু নৰ্থ ইষ্ট গেছ গ্ৰীডৰ অধীনত প্ৰাকৃতিক গেছ যোগানৰ বাবে গুৱাহাটীলৈ প্ৰসাৰিত।
এন আৰ এলে ১৬৩০ কি মি দৈর্ঘৰ পাৰাদ্বীপ নুমলীগড় ক্ৰুড পাইপলাইন বহুওৱাৰ ব্যবস্থা কৰিছে, যিটো পাৰাদ্বীপ পৰ্টৰ পৰা আৰম্ভ হৈ উৰিষ্যা, পশ্চিমবংগ ,ঝাৰখণ্ড, বিহাৰ আৰু অসমৰ মাজেৰে পৰিভ্ৰমণ কৰি কোম্পানীটোৰ নুমলীগড়স্থিত শোধনাগাৰত আহি অন্ত হৈছে। এই পাইপলাইন প্ৰকল্পটো বৰ্তমান কাম চলি আছে।
 
 
দুয়োটা পাইপ লাইনেই পূৰ্নীয়াৰ পৰা গুৱাহাটীৰ ওচৰৰ প্ৰায় ৫৫০ কি মি যোৰা দৈর্ঘ্যৰ পাইপলাইনৰ পথ উমৈহতীয়া ভাৱে ব্যৱহাৰ কৰে। এই পাইপলাইন আৰ অ ইউ ৰ সমভাগে ব্যৱহাৰ কৰা কাৰ্য্যই পাইপলাইন বহুওৱাৰ বাবে প্ৰয়োজনীয় ভূমি অভিগ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট অনুকূল ব্যৱস্থা ৰূপে সমাদৃত হৈছে। দুয়োটা কোম্পানীৰে পাইপলাইনৰ কাৰ্য্যকৰীকৰণ ক্ষেত্ৰত প্ৰয়োজনীয় সংসাধনৰ সমভাৱে ব্যৱহাৰ কৰিও সমভাৱে লাভাম্বিত হ’ব।

Comments (0)
Add Comment