পূৰ্ণ গতিত চলিছে জীয়া ভৰলী নদীৰ ওপৰত চকীঘাট দলংৰ নিৰ্মাণ কাৰ্য

জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ চকীঘাটত জীয়া ভৰলী নদীৰ ওপৰত চকীঘাট দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছে।ইয়াকে লৈ এতিয়া উত্তৰ অসমৰ লগতে জামুগুৰিহাটবাসী ৰাইজ উৎফুল্লিত হোৱা দেখা গৈছে।কিয়নো এই দলং সম্পূৰ্ণ হৈ উঠিলে জামুগুৰিহাটৰ পৰা তেজপুৰ হৈ অসমৰ বিভিন্ন স্থানলৈ যাতায়ত ব্যৱস্থাৰ দুৰত্ব বহু পৰিমাণে হ্ৰাস পাই পৰিব। বৰ্তমান জামুগুৰিৰ পৰা তেজপুৰলৈ ৫৫কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰিবলৈ এক ঘন্টাৰো অধিক সময় লগে যদিও চকীঘাটৰ দলং সম্পূৰ্ণ হৈ উঠিলে জামুগুৰিৰ পৰা তেজপুৰৰ দুৰত্ব হ’ব মাত্ৰ ১৮ কিলোমিটাৰ আৰু এই দুৰত্ব অতিক্ৰম কৰিবলৈ সময় লাগিব মাত্ৰ ২০মিনিট। চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবেই জামুগুৰিহাটৰ পশ্চিমাঞ্চালত চকীঘাট দলংৰ নিৰ্মাণৰ কাম সহজ হৈ পৰিল আৰু এতিয়া উত্তৰ অসমৰ লগতে জামুগুৰিহাটবাসী ৰাইজৰো এক দীৰ্ঘদিনীয়া আশা পূৰণ হোৱাৰ পথত আগবাঢ়িছে।মনকৰিবলগীয়া যে সুদীৰ্ঘ ৪৫ বছৰো অধিক কাল ধৰি চকীঘাটৰ দলং নিৰ্মাণৰ দাবী উত্থাপিত হৈ আহিছিল আৰু প্ৰতিটো লোকসভাৰ নিৰ্বাচনত তেজপুৰ সংসদীয় সমষ্টিত ‘চকীঘাট দলং’ প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী ইচ্ছু হিচাপে দেখা দি আহিছিল।

Comments (0)
Add Comment