জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ চকীঘাটত জীয়া ভৰলী নদীৰ ওপৰত চকীঘাট দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছে।ইয়াকে লৈ এতিয়া উত্তৰ অসমৰ লগতে জামুগুৰিহাটবাসী ৰাইজ উৎফুল্লিত হোৱা দেখা গৈছে।কিয়নো এই দলং সম্পূৰ্ণ হৈ উঠিলে জামুগুৰিহাটৰ পৰা তেজপুৰ হৈ অসমৰ বিভিন্ন স্থানলৈ যাতায়ত ব্যৱস্থাৰ দুৰত্ব বহু পৰিমাণে হ্ৰাস পাই পৰিব। বৰ্তমান জামুগুৰিৰ পৰা তেজপুৰলৈ ৫৫কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰিবলৈ এক ঘন্টাৰো অধিক সময় লগে যদিও চকীঘাটৰ দলং সম্পূৰ্ণ হৈ উঠিলে জামুগুৰিৰ পৰা তেজপুৰৰ দুৰত্ব হ’ব মাত্ৰ ১৮ কিলোমিটাৰ আৰু এই দুৰত্ব অতিক্ৰম কৰিবলৈ সময় লাগিব মাত্ৰ ২০মিনিট। চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবেই জামুগুৰিহাটৰ পশ্চিমাঞ্চালত চকীঘাট দলংৰ নিৰ্মাণৰ কাম সহজ হৈ পৰিল আৰু এতিয়া উত্তৰ অসমৰ লগতে জামুগুৰিহাটবাসী ৰাইজৰো এক দীৰ্ঘদিনীয়া আশা পূৰণ হোৱাৰ পথত আগবাঢ়িছে।মনকৰিবলগীয়া যে সুদীৰ্ঘ ৪৫ বছৰো অধিক কাল ধৰি চকীঘাটৰ দলং নিৰ্মাণৰ দাবী উত্থাপিত হৈ আহিছিল আৰু প্ৰতিটো লোকসভাৰ নিৰ্বাচনত তেজপুৰ সংসদীয় সমষ্টিত ‘চকীঘাট দলং’ প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী ইচ্ছু হিচাপে দেখা দি আহিছিল।
Trending
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন