চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন

0 52

গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভাখন যোৱা ১৮ মে’ত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ অধ্যাপক ডাঃ প্ৰণৱজ্যোতি বৈশ্যকে ধৰি শিক্ষক – শিক্ষয়ত্ৰী আৰু ছাত্ৰ – ছাত্ৰীসকল উপস্থিত থাকে । উল্লেখ্য যে সদ্য সমাপ্ত মহাবিদ্যালয় সপ্তাহ উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাত মহাবিদ্যালয়ৰ প্ৰায় ৮০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল । সভাত ক্ৰীড়া , সাংস্কৃতিক , সাহিত্য , তৰ্ক আৰু পুথিভঁৰাল , ছাত্ৰীৰ জিৰণি কোঠা আৰু যোগ বিভাগৰ বিভিন্ন বিজয়ীক ট্ৰফী, মেডেল আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰি উৎসাহিত কৰা হয় । প্ৰতিযোগিতাৰ ত
ক্ৰীড়া বিভাগত বি এএম এছৰ প্ৰথম বৰ্ষৰ কুশল পেগুৱে শ্ৰেষ্ঠ পুৰুষ ক্ৰীড়াবিদ আৰু এবিগেইল লালনানলুআঙ্গিয়ে শ্ৰেষ্ঠ মহিলা ক্ৰীড়াবিদৰ সন্মান লাভ কৰে । শালাক্য তন্ত্ৰ বিভাগৰ অধ্যাপক ডাঃ জ্যোতিৰ্ময় শৰ্মাই শ্ৰেষ্ঠ আন্তঃক্ৰীড়া (ইনড’ৰ ) ৰ খেলুৱৈ বঁটা লাভ কৰে। তেওঁ টেবুল টেনিছ আৰু পুৰুষ ডাবলছ বেডমিণ্টন প্ৰতিযোগিতাত চেম্পিয়ন হয় ।সাংস্কৃতিক বিভাগত ছাত্ৰী চেমিম চুলতানাই বৰ্ষশ্ৰেষ্ঠ অভিনেত্ৰী , ছাত্ৰ মানস কুৰ্মীয়ে বৰ্ষশ্ৰেষ্ঠ অভিনেতা বঁটা, ছাত্ৰী নিতুমণি দাসে শ্ৰেষ্ঠ গায়ক বঁটা আৰু ছাত্ৰী প্ৰিয়া ৰায়ে বৰ্ষশ্ৰেষ্ঠ নৃত্যশিল্পী বঁটা লাভ কৰে।সংগীত বিভাগত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ নামত উৎসৰ্গিত এক বিশেষ বঁটা লাভ কৰে ইণ্টাৰ্ণ ডাঃ অংকুৰিমা শইকীয়াই ।তৰ্ক বিভাগত শ্ৰেষ্ঠ তাৰ্কিক বঁটা লাভ কৰে কাজল কুস্বাৱাহাই। বি এ এছ এছৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয় সপ্তাহত অসাধাৰণ অংশগ্ৰহণ, আৰু সাফল্যৰ বাবে বৰ্ষশ্ৰেষ্ঠ শ্ৰেণী বঁটা লাভ কৰে।

Leave A Reply

Your email address will not be published.