গৱেষণা হাইটছ ফাউণ্ডেচন আৰু পৰিবেশ সুৰক্ষা প্রশিক্ষণ তথা গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত শেহতীয়াকৈ অনুষ্ঠিত ভাৰত এনভাইৰনমেণ্টন্ট প্ৰগ্ৰেমৰ অধীনত গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে এক বিশেষ সম্মান লাভ কৰিছে।২০২৬ বৰ্ষৰ ভাৰত ছাষ্টেইনেবিলিটি কেম্পাছ মিছনৰ অংশ হিচাপে বিশ্ববিদ্যালয়খনক প্লেটিনাম ছাষ্টেইনেবল কেম্পাছ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। যোৱা ২২ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ অনুষ্ঠিত পৃথিৱী সপ্তাহৰ বিশেষ কাৰ্যসূচীৰ মাজতে এই ঘোষণা কৰা হয়। পৰিবেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি বিশ্ববিদ্যালয়খনে আগবঢ়োৱা সেৱা আৰু সজাগতাৰ স্বীকৃতি হিচাপে এই বঁটা আগবঢ়োৱা হৈছে। কেম্পাছৰ ভিতৰত অনুকূল পৰিবেশ গঢ়ি তোলাৰ লগতে শিক্ষাৰ্থীসকলৰ মাজত প্রকৃতি প্রেম বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্রতিষ্ঠানটোৱে বিশেষ ভূমিকা পালন কৰিছে। প্রতিষ্ঠানটোৰ তৰফৰ পৰা জনোৱা হৈছে যে এই কামসমূহ সফল কৰি তোলাত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকল আৰু আয়োজক সমিতিয়ে বিশেষ পৰিশ্ৰম কৰিছিল। আগত দিনত গ্ৰীণ কেম্পাছ গঢ়ি তোলাৰ লক্ষ্যৰে বিশ্ববিদালয়খনে কাম কৰিব।
Trending
- আই এ এছ এছ টি, গুৱাহাটীত প্লাজমা পদার্থবিজ্ঞান গৱেষকৰ তিনিদিনীয়া অধিৱেশনৰ আয়োজন
- তিনিচুকীয়াত স্বাস্থ্য সেৱাৰ পৰ্যালোচনা, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নতুন ৰক্ত ভাণ্ডাৰৰ শুভ উদ্বোধন
- অসম চৰকাৰৰ বন বিভাগৰ ৰাজহ বৃদ্ধিত অৰিহণা যোগাই আহিছে এমট্রনৰ পৰ্টেলে – অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য প্ৰযুক্তি বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ
- BRPNNL Delegation Felicitated by BRO for Support in Vikramshila Setu Restoration
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা