কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু জালুকবাৰী শাখা লেখিকা সমাৰোহ সমিতিৰ সহযোগত যোৱা ২৪ মে’ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় অনুদান আয়োগ মালব্য মিছন শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে পদ্মভূষণ পুষ্পলতা দাস আৰু লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক শীলা বৰঠাকুৰৰ প্ৰতিকৃতিত শংঙ্খধ্বনি আৰু বন্দে মাতৰম গীতেৰে বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণ কৰে নীলিমা বৰা , নন্দিতা চলিহা, ডঃ সোণালী বৰা, দৰ্পনা বৰা নেওঁগ, বিশিষ্ট অতিথি পুষ্পা গগৈ, পুষ্পলতা দাসৰ দুহিতা নন্দিনী দত্ত , ডঃ মঞ্জু দেৱী পেগু, ৰেখা ফুকন , প্ৰজ্ঞা গোস্বামী গীতিকা দাস আদি ব্যক্তিয়ে । জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ সদস্যাসকলৰ দ্বাৰা পৰিবেশন কৰা আৰম্ভণি সংগীতেৰে আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী দৰ্পনা বৰা নেওগে আৰু উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা শেৱালী ভাগৱতীয়ে। জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাত ভাষণ প্ৰদান কৰে উপদেষ্টা নীলিমা বৰাই। সভাত মুখ্য বক্তা হিচাপে ভাগ লৈ বিশিষ্ট ইতিহাসবিদ অধ্যাপক ডঃ ৰাজেন শইকীয়াই ভাষণ প্ৰসংগত পদ্মভূষণ পুষ্পলতা দাসৰ জীৱন পৰিক্ৰমাৰ ওপৰত বিস্তৃত বক্তব্য দাঙি ধৰি কয় যে গান্ধীবাদী চিন্তাধাৰাক সৰোগত কৰি অহা এই গৰাকী মহীয়সী নাৰীয়ে মহিলা সবলীকৰণৰ লগতে সমাজৰ সৰ্বাঙ্গীন উন্নতিৰ হকে নিজক উৎসৰ্গা কৰিছিল । সেই সময়খিনিত ভাৰতবৰ্ষৰ বিখ্যাত ৰাজনৈতিক ব্যক্তি সকলৰ লগত তেওঁৰ বিশেষ সম্পৰ্ক আছিল । সভাত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নৱ নিৰ্বাচিত সভানেত্ৰী পুষ্পা গগৈক কামৰূপ মহানগৰ জিলাৰ লগতে ইয়াৰ অন্তৰ্গত সকলোবোৰ শাখাৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা পত্ৰ পাঠ কৰে ডঃ মনোৰমা শৰ্মাই । সভাত পুষ্পা গগৈয়ে উচ্চ মানৰ ভাল কিতাপ নিৰ্বাচন কৰি কিতাপ অধ্যয়ন কৰাৰ বাবে সকলোকে আহবান জনায়। সভাত ভাষণ ৰাখি নন্দিনী দত্তই গৰাকী মহীয়সী নাৰীৰ কন্যা হিচাপে গৌৰৱ প্ৰকাশ কৰে। সভাত ভাষণ ৰাখি পুষ্পলতা দাসৰ ভাগিন সুদৰ্শন দুৱৰাই তেওঁৰ বিষয়ে বহু কথা অৱগত কৰে। সভাত নন্দিতা চলিহা, থুনু কলিতাই ভাষণ ৰাখে। সভাত প্ৰসিদ্ধ সংগীত শিল্পী ডঃ অণিমা চৌধুৰীয়ে গীত পৰিৱেশন কৰে। প্ৰয়াত দেবেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ ৰচনা আৰু ৰুণুমী নাথৰ সুৰ আৰোপিত গীত এটি পৰিৱেশন কৰে বিজু মেধি, গীতিকা দাস , ৰুণুমী নাথ, মণিৰূপা মিশ্ৰ, নিৰ্মালী গোস্বামী , মিনতি গোস্বামী আৰু বৈজয়িন্তী ৰাভাই । বক্তৃতানুষ্ঠানত বিশিষ্ট কবি অধ্যাপক বাণীকান্ত গোস্বামী , সুনন্দন দুৱৰা , বিভিন্ন শাখাৰ পৰা অহা সদস্যা, নিমন্ত্ৰিত অতিথিকে ধৰি শতাধিক লোক উপস্থিত থাকে । অসম সংগীতেৰে সামৰণি পৰা সভাত শলাগৰ শৰাই আগবঢ়াই জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ডঃ অপৰ্ণা গোস্বামীয়ে।
Trending
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ