জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ

0 36

মানুহৰ জীৱনত নিজৰ জন্মদিনটোৰ গুৰুত্ব অপৰিসীম। বহু লোকে লোকে হোটেল – ৰেষ্টোৰা আদিত কেক কাটি পৰিয়াল বা বন্ধু – বান্ধৱৰ সৈতে পাৰ্টি কৰি আনন্দ ফুৰ্তি কৰা পৰিলক্ষিত হয় । কিন্তু ইয়াৰ বিপৰীতে প্ৰতি বছৰে ২৩ মে’ৰ নিজৰ জন্মদিনটোত বিগত কিছু বছৰ ধৰি সমাজৰ প্ৰতি ইতিবাচক দৃষ্টিভংগীৰে কিছু ব্যতিক্ৰমী ধৰণৰে কৰি আহিছে গুৱাহাটীৰ আজাৰা গাওঁ পঞ্চায়ত এলেকাৰ বিশিষ্ট সমাজকৰ্মী ,দীপৰ বিলৰ কাষৰীয়া দেউছটাল নিবাসী বলেশ্বৰ ৰংপীয়ে। আজি তেওঁ নিজৰ জন্মদিনটোত ৰাণী শিক্ষা খণ্ডৰ অধীনৰ মেঘালয় সীমান্তৰ কিছু নিলগৰ মাটেখাৰ অঞ্চলৰ পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ – ছাত্ৰীৰ শিক্ষা গ্ৰহণত সহায়ক হোৱাকৈ ৩ যোৰ ডেস্ক – বেঞ্চ প্ৰদান কৰে ।একেদৰে পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানটোত অঞ্চলটোৰ ১০ জন কৃষকক বনৰীয়া হাতী খেদা কাৰ্যত সহায়ক হোৱাকৈ এটাকৈ মুঠ ১০ টা উচ্চক্ষমতা সম্পন্ন টৰ্ছ লাইট বিতৰণ কৰা হয় । অনুষ্ঠানত পাটগাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতু বড়োকে ধৰি শিক্ষক – শিক্ষয়ত্ৰী , ছাত্ৰ – ছাত্ৰীৰ উপৰিও সমাজকৰ্মী খগেন ইংতি, নয়নমণি টুমুং , টেক বাহাদুৰ লিম্বু, সুশীল থাপা,চন্দন ৰাজবংশী,নিতুল দাস আৰু অজিত মজুমদাৰ।

Leave A Reply

Your email address will not be published.