ৰাষ্ট্ৰীয় বাগবানী বোর্ড গুৱাহাটীৰ উদ্যোগত আৰু গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ সহযোগত কৃষি বিজ্ঞান কেন্দ্র চৌহদত আজি এদিনীয়াকৈ এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাৰ উদ্ধোধনী অনুষ্ঠানত ভাগ লৈ কৃষি বিজ্ঞান কেন্দ্র , কামৰূপৰ মুৰব্বী ডঃ সোণমইনা ভূঞাই কৃষকসকলক উদ্দেশ্যি উদ্যান শস্যৰ প্রসাৰ আৰু বিজ্ঞানসন্মত পদ্ধতিৰ দ্বাৰা স্বাৱলম্বী হোৱাৰ ওপৰত বিতং বাখ্যা আগবঢ়ায় । অনুষ্ঠানত ভাষণ প্ৰসংগত ৰাষ্ট্ৰীয় বাগবানী বোর্ডৰ উপ সঞ্চালক নবনীতা বৰুৱা মহন্তই কৃষকসকলে ৰাষ্ট্ৰীয় বাগবানী বোর্ডৰ আঁচনি সমূহ কিদৰে সুবিধা সমূহ ল’ব পাৰি, সেই বিষয়ে অৱগত কৰে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে অসম কৃষি বিশ্বিবিদ্যালয়ৰ কাঁহিকুছি চৌহদত থকা উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডঃ ৰিংকুমণি ফুকন আৰু কৃষি বিজ্ঞান কেন্দ্র ,কামৰূপৰ উদ্যান শস্যৰ বিশেষজ্ঞা ডঃ দৰদী প্রিয়ম দুৱৰা উপস্থিত থাকি উদ্যান শস্যৰ ওপৰত বিতং আলোচনা কৰে। তাৰোপৰি ভাৰতীয় ষ্টেট বেংকৰ কৰ্মকৰ্তা নিৰ্মাণ দে’ই উদ্যান শস্যৰ আৰু কৃষি ক্ষেত্ৰত বেংকৰপৰা কিদৰে কৃষি ঋণ ল’ব পাৰি তাৰ বাখ্যা দাঙি ধৰে।উল্লেখ্য যে দিনজোৰাকৈ অনুষ্ঠিত সজাগতা সভাত কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ পুৰুষ – মহিলা নিৰ্বিশেষে ৫০ কৃষকে ভাগ লৈছিল।
Trending
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ
- আই এ এছ এছ টি, গুৱাহাটীত প্লাজমা পদার্থবিজ্ঞান গৱেষকৰ তিনিদিনীয়া অধিৱেশনৰ আয়োজন
- তিনিচুকীয়াত স্বাস্থ্য সেৱাৰ পৰ্যালোচনা, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নতুন ৰক্ত ভাণ্ডাৰৰ শুভ উদ্বোধন
- অসম চৰকাৰৰ বন বিভাগৰ ৰাজহ বৃদ্ধিত অৰিহণা যোগাই আহিছে এমট্রনৰ পৰ্টেলে – অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য প্ৰযুক্তি বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ
- BRPNNL Delegation Felicitated by BRO for Support in Vikramshila Setu Restoration
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন