পূৱ মুঢ়াদল গাঁও পঞ্চায়তৰ বিভিন্ন প্ৰান্তত দহখনৰো অধিক উন্নয়নমূলক আঁচনিৰ শুভউদ্বোধন

পূৱ মুঢ়াদল গাঁও পঞ্চায়তৰ বিভিন্ন প্ৰান্তত দহখনৰো অধিক উন্নয়নমূলক আঁচনিৰ শুভউদ্বোধন

চতিয়া সমষ্টিৰ অন্তৰ্গত পূৱ মুঢ়াদল গাঁও পঞ্চায়তৰ বিভিন্ন প্ৰান্তত আজি দহটাকৈ উন্নয়নমূলক আঁচনিৰ শুভ উদ্ধোধন কৰে৷ প্ৰায় ৮৩ লাখৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা আঁচনি সমূহ বুধবাৰে পুৱা শুভ উদ্ধোধন কৰে পূৱ মূঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী মেঘালী কলিতাই ৷ সেই অনুসৰি পঞ্চায়তটোৰ বিভিন্ন প্ৰান্তত ভূমি উন্নয়নৰ লগতে কেইবাটাও গাৱঁলীয়া পথ নিৰ্মাণৰ আধাৰশিলা কৰা হয় ৷ আধাৰশিলা কৰি পূৱ মূঢ়াদল গাওঁ পঞ্চায়তৰ সভানেত্ৰী মেঘালী কলিতাই কয় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সৱল নেতৃত্বত ৰাইজে উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে সমষ্টিটোৰ ৭০ শতাংশ ৰাস্তা পদুলি নতুনকৈ নিৰ্মাণ হৈছে ৷ দৰিদ্ৰ ৰাইজৰ বাৱে চৰকাৰে ঘোষণা কৰা সকলো আঁচনি আমি সমভাৱে বিতঁৰণৰ সুবিধা লাভ কৰিছে ৷ পঞ্চায়তৰ জৰিয়তে দুখীয়া দৰিদ্ৰ ৰাইজক সেৱা কৰাত সকলো শ্ৰেণী ৰাইজে সহযোগীতা আগবঢ়ায় অহা বুলি মন্তব্য কৰে সভানেত্ৰী মেঘালী কলিতাই ৷ আধাৰশিলা অনুষ্ঠানত পঞ্চায়তটোৰ প্ৰতিজন ৱাৰ্ডৰ সদস্য সদস্যাৰ লগতে বিজেপি দলৰ দলীয় কৰ্মকৰ্ত্তা সকল উপস্থিত থাকে৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment