প্ৰতিবছৰে ২৮ জুনত চিত্ৰ শিল্পীসকলে অধিকাৰৰ বাবে যুঁজিব

চিত্ৰশিল্পীৰ মৰ্যদা আৰু সন্মানৰ বাবে যুঁজ দিবলৈ আগবাঢ়ি আহিছে নৱপ্ৰজন্মৰ তিনিগৰাকী চিত্ৰশিল্পী। কুলদীপ শইকীয়া, সুমন গোস্বামী আৰু আশা দুৱৰা নামৰ নৱপ্ৰজন্মৰ তিনিওগৰাকী শিল্পী এই প্ৰচেষ্টাত ব্ৰতী হৈছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অলপতে শিল্পীক লৈ সৃষ্টি হোৱা বিৰ্তকৰ আঁত ধৰি তেওঁলোকে এনে পদক্ষেপ গ্ৰহণ কৰিছে।
 
 
যোৱা ২৮জুনত এই তিনিগৰাকী শিল্পীয়ে আৰ্ট ফৰ ইউনিটী, আৰ্ট ফৰ পিচ শীৰ্ষক এক কেম্পেইন আৰম্ভ কৰে।এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই সমগ্ৰ অসমৰ লগতে দিল্লী আৰু কলকাতাৰ নবীন প্ৰবীণ শিল্পীয়ে। চ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকৰ চিত্ৰ সমূহ প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰতিবছৰে ২৮জুনত এই সমূহ শিল্পীয়ে চ’চিয়েল মিডিয়াৰ জৰিয়তে এই দিনটো বিশেষ দিন হিচাপে উদযাপন কৰিব।

Comments (0)
Add Comment