বাঘজানৰ ঘটনাস্থলী পৰিদৰ্শন ভাৰতীয় সেনাৰ

অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈলখাদত যোৱা ৯জুনত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে ইতিপূৰ্বে ৰাছিয়া, কানাডা আৰু আমেৰিকাৰ পৰা বিশেষজ্ঞৰ দল আহি বাঘজানত উপস্থিত হৈছে। কিন্তু দুৰ্ভাগ্যবশতঃ এতিয়ালৈকে নিয়ন্ত্ৰণত আনিব পৰা নাই  এই অগ্নিকাণ্ড। ফলস্বৰূপে বাঘজানৰ মাগুৰী বিলকে ধৰি বহুকেইটা অঞ্চল ক্ষতিগ্ৰস্ত হয়।
 
 
বাঘজান কাণ্ড পৰিদৰ্শনৰ বাবে  অসমত উপস্থিত হোৱা কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত বাঘজান কাণ্ডৰ বিষয়ে আলোচনা কৰি কালি ঘটনাস্থলীত উপস্থিত হয়।
 
আনহাতে বাঘজান নিয়ন্ত্ৰণৰ বাবে বিশেষজ্ঞৰ পিছতেই এইবাৰ নামি পৰিছে ভাৰতীয় সেনা। দিনজান সেনা শিবিৰৰ পৰা অহা ভাৰতীয় সেনাৰ দলটোৱে সোমবাৰে পুৱাই বাঘজানৰ সমগ্ৰ পৰিস্থিতিৰ পৰিদৰ্শন কৰে। জানিব পৰা মতে এই বিধ্বংসী অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতীয় সেনাই ঘটনাস্থলীলৈ যাবলৈ সুবিধা হোৱাকৈ এখন বিশেষ দলং নিৰ্মাণ কৰিব।

Comments (0)
Add Comment