বাঢ়ৈ সমাজৰ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

সদৌ অসম বাঢ়ৈ সমাজ পৰিষদৰ সৌজন্যত আৰু তিনিচুকীয়া শাখা গোটৰ সহযোগত তিনিচুকীয়া কাপ্তানচুক দুৰ্গা মন্দিৰত ২০২১ বৰ্ষত পেঞ্চন লাভ কৰা সাহিত্যিক পেঞ্চনাৰ মাখন লাল বাঢ়ৈক সম্বৰ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে এক অনুষ্ঠান আয়োজন কৰে।ৰামেশ্বৰ বাঢ়ৈয়ে সঞ্চালনা কৰা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে বাঢ়ৈ সমাজৰ সাধাৰণ সম্পাদক মণ্টু বাঢ়ৈয়ে। সভাত সদৌ অসম কুমাৰ সমাজৰ সাধাৰণ সম্পাদক নগেন কুমাৰ, লাহোৱাল এছ কে এছ ইংলিছ একাডেমিৰ স্বত্তাধিকাৰী দয়াল চাহ, তুলসী বাঢ়ৈ আদি উপস্থিত আছিল।

Comments (0)
Add Comment