বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশ ল’ব লিঅ’ এক্সপ’ত

কালিলৈ পৰা গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত আৰম্ভ হ’ব লিঅ’ এডভাৰটাইজিঙৰ অষ্টাদশ আন্তৰাষ্ট্ৰীয় লিঅ’এক্সপ’।ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে কেবাখনো বিদেশী ৰাষ্ট্ৰ যেনে ইজিপ্ত, তুৰ্কী, থাইলেণ্ড, বাংলাদেশ, আফগানিস্তান,চাউথ আফ্ৰিকাৰ কেবাগৰাকী প্ৰতিনিধিয়ে এক্সপ’খনত অংশগ্ৰহণ কৰিব ।এটা সাংস্কৃতিক অনুষ্ঠানেৰে এক্সপ’খন আৰম্ভ হ’ব।ৰাজ্যৰ এগৰাকী শিল্পীক শিল্পী সন্মান প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।ইয়াৰ সমান্তৰালভাৱে চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।দেশী বিদেশী সুস্বাদু ৰেষ্টুৰেণ্টৰ লগতে গাৰ্ডেন ফাৰ্নিচাৰ উপলব্ধ হ’ব।উল্লেখযোগ্য যে দিনৰ ১১বজাৰ পৰা নিশা ৯বজালৈ দৰ্শকৰ বাবে মুকলি থাকিব আৰু সামৰণি পৰিব ১২ নৱেম্বৰত।

Comments (0)
Add Comment