বিশ্ব আৰ্চাৰী চেম্পিয়নলৈ গোলাঘাটৰ বিশাল চাংমাই

ক`ৰণা মহামাৰীৰ আতংকৰ মাজতে ৰাজ্যবাসীলৈ আছে এটা ভাল খবৰ। এই ভাল খবৰ কঢ়িয়াই আনিছে গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ মিলনপুৰৰ বিশাল চাংমাই। সৰুৰে পৰা আৰ্চাৰীত ৰাপ থকা বিশাল চাংমাই এইবাৰ ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হ’ব লগা বিশ্ব চেম্পিয়ন আৰ্চাৰী খিতাপলৈ নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে বিশাল চাংমাই হৈছে বোকাখাতৰ পৰা আৰ্চাৰী প্ৰতিযোগীতালৈ স্থান লাভ কৰা প্ৰথমজন যুৱক। উল্লেখযোগ্য যে সৰুতে কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে আৰ্চাৰী প্ৰতি বিশেষ ৰাপ থকা বিশাল চাংমাই দেখুৱাইছিল পাৰদৰ্শিতা। স্বাভাৱিকতে ক`ৰণা মহামাৰীৰ এই আতংকৰ সময়তো বিশাল চাংমাইৰ এনে ইতিবাচক খবৰে আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্যবাসীলৈ।

Comments (0)
Add Comment