বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে এঢোপ আগুৱালে চৰাইদেউৱে

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ ক্ষেত্ৰত চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ আহিল সুখবৰ। উল্লেখযোগ্য যে ভাৰতৰ পৰা ইউনিস্কোলৈ জানুৱাৰী মাহৰ শেষৰফালে চৰাইদেউ মৈদামৰ প্ৰাককলন প্ৰেৰণ কৰা হৈছিল। পুৰাতাত্ত্ব সঞ্চালকায়ৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি চৰাইদেউ মৈদামৰ সম্পৰ্কত ইউনেস্কোৱে ভাৰত চৰকাৰ আৰু সংশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰা এক মেইলত উল্লেখ কৰা অনুসৰি মৈদামৰ প্ৰাক‌‌‌ কলন পৰীক্ষা নিৰীক্ষা কৰি কাৰিকৰীভাৱে শুদ্ধ বুলি গ্ৰহণ কৰা হৈছে। অচিৰেই ইউনেস্কোৰ দল চৰাইদেউ মৈদামৰ পৰ্যবেক্ষণ বাবে আহিব।কোনো জটিলতা নথকাকৈ ভাৰতৰ প্ৰাক কলন ইউনেস্কোৱে গ্ৰহণ কৰাটো নিসন্দেহে ইতিবাচক বাৰ্তা কঢ়িয়াইছে।

Comments (0)
Add Comment