বিশ্ব শ্ৰৱণ দিৱস উদযাপন

সমগ্ৰ  বিশ্বৰ লগতে কালি ওদালগুৰি জিলাত বিশ্ব শ্ৰৱণ দিৱস উদযাপন কৰা হয়।
 
ওদালগুৰি জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় বধিৰতা প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কক্ষৰ উদ্যোগত এই দিৱস উদযাপন কৰা হয়। বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে ওদালগুৰি চহৰৰ মাজমজিয়াৰে এক সমদল উলিওৱা হয়।
 
ওদালগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা উলিওৱা এই সমদলত আশাকৰ্মী আৰু স্বাস্থ্য কৰ্মীসকলৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
 
সমদল উদ্বোধন কৰে ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক ডা. টইবুৰ ৰহমানে। বধিৰতা তথা ইয়াৰ প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এখন সজাগতা সভাও অনুষ্ঠিত কৰা হয়।

Comments (0)
Add Comment