বেলিকিডছ-এডুকেছন ছ’ছাইটিয়ে শিক্ষাৰ্থীসকলক ৰেহাই মূল্যত দিয়া ঘোষণা কৰিছে

সম্প্ৰতি সমগ্ৰ দেশতে ক’ভিড সৃষ্ট পৰিৱেশে বিৰাজ কৰিছে। এই ক’ভিডে স্বাভাৱিক জীৱন যাত্ৰা স্তব্ধ কৰি তুলিছে। তাৰ সমান্তৰালভাৱে বিভিন্ন বজাৰ-সমাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান যাতায়ত যোগাযোগ ব্যৱস্থাত শিথিলতা আহি পৰিছে। বিশেষকৈ শ্ৰমজিৱী খুচুৰা ব্যৱসায়ী সকলৰ ব্যৱসায়ত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। এই সকলোবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি মিৰ্জা- বৰিহাটস্থিত ‘বেলিকিডছ-এডুকেয়াৰ’ শৈক্ষিক প্ৰতিষ্ঠানে শিক্ষাৰ্থীসকলক এইবাৰ ৩০% ৰেহাই মূল্য দিয়াৰ কথা ঘোষণা কৰিছে। উল্লেখযোগ্য যে ইতিপূৰ্বেও বিগত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ডিচেম্বৰ মাহলৈ শিক্ষাৰ্থীৰ মাচুল ৰেহাইৰ ব্যৱস্থা কৰিছিল এই শিক্ষা প্ৰতিষ্ঠানখনে। চলিত বৰ্ষতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হ’লে সমগ্ৰ কৰোণাকালীন সময়ছোৱাৰ বাবে মাচুল ৰেহাই দিয়াৰ বাবে সাজু আছে বেলিকিডছ এডুকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে এক বিজ্ঞপ্তি যোগে জানিব দিছে।

Comments (0)
Add Comment