বন্যাক্ৰান্তক সকাহ যোগাইছে বিধায়ক মৃনাল শইকীয়াই

সমগ্ৰ ৰাজ্যৰ চৌদিশে এতিয়া বানৰ তাণ্ডৱ। আশ্ৰয় আৰু বাসস্থানৰ বাবে হাহাঁকাৰ অৱস্থাৰ সৃষ্টি হৈছে বানপিড়িত ৰাইজৰ মাজত ।কিছু সংখ্যক বন্যাক্ৰান্তই ওখ ঠাই বিচাৰি অস্থায়ী বাসস্থানৰ ব্যৱস্থা কৰিছে যদিও খাদ্যৰ অভাৱ ঘটিছে। কিছু বন্যাক্ৰান্তৰ খাদ্যসামগ্ৰী আছে যদিও সেয়া নেৰানেপেৰা বৰষুণ আৰু পানীৰ বাবে তৈয়াৰ কৰি খোৱাটো কষ্টসাধ্য হৈ পৰিছে। এনে বন্যাক্ৰান্ত লোকসকলক এতিয়া অহৰহ খাদ্যৰ যোগান ধৰিছে বিধায়ক মৃনাল শইকীয়াৰ ভ্ৰাম্যমাণ পাকঘৰে। বিধায়কজনে সম্পূৰ্ণ নিজা খৰচেৰে তৈয়াৰ কৰি লৈছে এই ভ্ৰাম্যমাণ পাকঘৰটো। এখন গাড়ীত তৈয়াৰ কৰি লোৱা হৈছে এই ব্যৱস্থা। সমষ্টিবাসীৰ বিভিন্ন দুৰ্যোগৰ সময়ত বিশেষভাৱে সহায় কৰিব এই বিশেষ গাড়ীখনে ।বৰ্তমান এটা নিৰ্দিষ্ট ঠাইত ৰন্ধন কাৰ্য কৰাৰ পাছত এই গাড়ীখনেৰে বিভিন্ন স্থানৰ বন্যাক্ৰান্তৰ মাজত খাদ্য বিতৰণ কৰি থকা হৈছে ।পৰৱৰ্তী সময়ত এই বিশেষভাৱে নিৰ্মিত গাড়ীখনে আপাতকালীন অৱস্থাত এখন এম্বুলেন্সৰ কামো কৰিব বুলি জানিবলৈ দিছে বিধায়কগৰাকীয়ে ।আনহাতে বৰ্তমান দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ বন্যাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি থকা বুলি জানিব পৰা গৈছে ।বিধায়ক গৰাকীয়ে গ্ৰহণ কৰা এই প্ৰচেষ্টাৰ বাবে অঞ্চল বাসীয়ে শলাগ লৈছে ।সহযোগ কৰিলে দেৰগাাঁৱৰ পৰা  পলাশে..

Comments (0)
Add Comment