ভাল খবৰৰ সন্ধানত

আজি বিশ্ব ধৰিত্ৰী দিৱস। ধৰিত্ৰী দিৱস উপলক্ষ্যে অসমৰ বিভিন্ন জিলাত বৃক্ষ ৰোপণ কাৰ্য্যসুচী হাতত লোৱা বাতৰি আমালৈ আহিছে। বিশেষকৈ আজিৰ এই দিনটোতেই পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত সচেতনতা বিশেষ পদক্ষেপ লোৱাৰ পৰিলক্ষিত হয়।

আনহাতে মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে বিশিষ্ট মুখা শিল্পী হেমচন্দ্ৰ গোস্বামীয়ে। শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট মুখাশিল্পক বিশ্ব দৰবাৰলৈ নিবলৈ সক্ষম হোৱা তথা তেখেতৰ কৰ্মৰাজিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। এই সম্পৰ্কে nefocus.com ৰ সম্পাদিকা সংগীতা শইকীয়া সৈতে হোৱা এক বাৰ্ত্তালাপত গোস্বামীয়ে জনাই যে মই মোৰ পিতৃ ৰুদ্ৰকান্ত গোস্বামীয়ে শিকাই যোৱা পৰম্পৰাগত শিল্পীকৰ্মক ন ৰূপত বিজ্ঞান সন্মতভাৱে প্ৰসাৰ কৰো। ভবিষ্যতে বাণিজ্যক দিশৰ প্ৰতি লক্ষ্য ৰাখি এনে কলা সমূহৰ এক অনুষ্ঠান স্থাপন কৰাৰ আশা পুঁহি ৰাখিছো।উল্লেখযোগ্য যে অহা ২৮ এপ্ৰিলত আনুষ্ঠানিকভাবে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে। স্মতৰ্ব্য যে তেখেতৰ শিল্পকৰ্ম লণ্ডনৰ বৃটিছ মিউজিয়ামৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ যাদুঘৰত সংৰক্ষণ হৈ আছে।

ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়লৈ আমন্ত্ৰিত হৈছে বড়ো Women Justice Forum ৰ সভানেত্ৰী ড অঞ্জলি দৈমাৰী। উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত হ’ব লগা অধিবেশনৰ বাবে ড দৈমাৰীয়ে স্বেচ্ছামূলক পুজি লাভ কৰিছে। ইতিমধ্যে ড দৈমাৰী নিউৰ্য়ক অভিমুখে যাত্ৰা কৰিছে। অধিবেশন ২৪ এপ্ৰিলৰ পৰা ৫ মে’লৈ অনুষ্ঠিত হ’ব।

আজিদিনটোত এইকেইটা আছিল খবৰৰ মাজত সুখবৰ। এই খবৰ সমূহ যোগান ধৰাত সহযোগ কৰিলে মাজুলীৰ পৰা সাংবাদিক জ্যোতিষ তামুলী আৰু টংলাৰ সাংবাদিক ধনঞ্জয় ৰামচিয়াৰীয়ে।

Comments (1)
Add Comment