মহানগৰীত আৰম্ভ হ’ল লকডাউন

আজিৰে পৰা মহানগৰীত আৰম্ভ হ’ল লকডাউন।মহানগৰীত ভয়ানকভাৱে ক’ৰণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ মহানগৰীত লকডাউন বাহাল ৰাখে। সন্দেহ কৰা অনুসৰি মহানগৰীত ভয়াৱহভাৱে গণ সংক্ৰমণ হৈ আছে। যাৰ ফলস্বৰূপে লকডাউন প্ৰক্ৰিয়াত আৰক্ষী প্ৰশাসন কঠোৰ হৈ পৰিছে। লকডাউন ভংগকাৰীৰ বিৰূদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে। কোনোৱে যাতে লকডাউন ভংগ কৰিব নোৱাৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিছে আৰক্ষী প্ৰশাসনে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লক ডাউনৰ বিষয়ে কিছুদিন পূৰ্বে সংবাদ মেল যোগে জানিবলৈ দিয়ে।
 
আজিৰে পৰা মহানগৰীত আৰম্ভ হোৱা ১৪দিনীয়া লকডাউনৰ প্ৰথম সাতদিন অত্যন্ত কঠোৰ হ’ব বুলি প্ৰশাসনে ঘোষণা কৰিছে। ইয়াৰ মাজতে জৰুৰীকালীন সেৱাসমূহ চলি থাকিব।

Comments (0)
Add Comment