মহিলাৰ উদ্যমীয়তা আৰু সবলীকৰণৰ সম্পৰ্কত ৱেবিনাৰ অনুষ্ঠিত

জনিত্ৰী এন জি অ’ উদ্যোগত উদ্যমী মহিলাৰ প্ৰত্যাহ্বান আৰু সুযোগ নামেৰে এখন ৱেবিনাৰ অলপতে অনুষ্ঠিত হয়।এই আলোচনাচক্ৰত অংশগ্ৰহণ কৰে ৰাজলক্ষ্মী শইকীয়া, সংগীতা শইকীয়া,ঊষাৰাণী দেৱী,মমী বৰা, আৰু ৰুমী বৰুৱাই।এই আলোচনাচক্ৰখন আঁত ধৰে জনিত্ৰী মহিলা সৱলীকৰণৰ সভানেত্ৰী মমী বৰাই।আলোচনাচক্ৰখনত প্ৰতিগৰাকী মহিলাই মহিলা সৱলীকৰণ আৰু উদ্যোমিতাৰ সম্পৰ্কত বক্তব্য ৰাখে। প্ৰতিগৰাকী মহিলাই নিজৰ স্থিতি অটল থাকি কিদৰে ইচ্ছা শক্তিৰে আগুৱাই যাব পাৰি সেই সম্পৰ্কে আলোচনা হয়। জনিত্ৰীৰ জন্মদাত্ৰী তথা মুখ্য কাৰ্যবাহী ৰুমী বৰাই অসমৰ মহিলা সকলৰ অৰ্থনৈতিক ভাৱে টনকিয়াল ন’হলে জনিত্ৰী তৰফৰ পৰা যৎপৰোনাস্তি সহায়ৰ হাত আগবঢ়োৱা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে।

Comments (0)
Add Comment