লকডাউনৰ সময়ত এগৰাকী শিক্ষকে গ্ৰহণ কৰিলে ব্যতিক্ৰমী পদক্ষেপ

দৰং জিলাৰ পকাবাংগিপাৰাৰ এগৰাকী শিক্ষক। শিক্ষকজনৰ নাম শশাংক হাজৰিকা। লকডাউনৰ সময়ছোৱাত কৰা ব্যতিক্ৰমী কৰ্মৰ বাবে সম্প্ৰতি সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে।
 
 
 
ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত এই শিক্ষকজনে অলপতে মহাৰাষ্ট্ৰৰ শিক্ষা বিভাগে আয়োজন কৰা অনলাইন পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাদান কৰিছে। ইয়াৰ উপৰিও বাঘজানৰ ঘটনা সম্পৰ্কত বিভিন্নধৰণৰ সজাগতা মূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই লকডাউনৰ সময়ছোৱাত অৰ্থনৈতিকভাৱে পিছপৰা ব্যক্তিসকলক সাহাৰ্য প্ৰদান কৰিছে।
 
 
উল্লেখযোগ্য যে তেখেতে অলপতে অইল ইণ্ডিয়া লিমিটেডৰ পৰা শিক্ষাৰত্ন বঁটাৰে সন্মানিত হৈছিল। ৰক্তদানৰ লগতে বিভিন্ন সামাজিক উন্নয়নমূলক কামৰ লগত জড়িত থকা শশাংক হাজৰিকাৰ কৰ্মক সচেতন মহলে শলাগ লৈছে।

Comments (0)
Add Comment