লণ্ডনৰ প্ৰতিষ্ঠানৰ বাবে ৫০০ৰো অধিক গামোচা সাজু কৰিছে, কিন্তু কোনে

অসম আৰু অসমীয়াৰ স্বভিমানৰ প্ৰতীক গামোচা দেশ‌ বিদেশে সমাদৃত । আগন্তুক বৰদিন উপলক্ষে লণ্ডনৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে ফুলাম গামোচা প্ৰস্তুত কৰি উলিয়াইছে লাহোৱালৰ ছাগলী কটা গাঁৱৰ এদল শিপিনীয়ে। জানিব পৰা মতে ডিব্ৰুগড়স্থিত এটা আগশাৰীৰ চাহ কোম্পানীয়ে লণ্ডনৰ এটা প্ৰতিষ্ঠানক গামোচা উপহাৰ হিচাপে আগবঢ়াব। ইতিমধ্যে ৫০০ৰো অধিক গামোচা লণ্ডনলৈ প্ৰেৰণ কৰিছে।

Comments (0)
Add Comment