শিক্ষক সমাজে বিতৰণ কৰিলে খাদ্য সামগ্ৰী, কিন্তু ক’ত

লক ডাউনৰ সময়চোৱাত আৰ্তজনক সহায়ৰ বাবে এইবাৰ ওলাই আহিছে পশ্চিম গুৱাহাটীৰ ফুলগুৰি  শিক্ষক সমাজ । জানিব পৰা মতে ফুলগুৰিৰ শিক্ষক সকলে  প্ৰায় ২৪০ গৰাকী দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ ঘৰলৈ গৈ  চাউল,দাইল,আলু ,মিঠাতেল বিতৰণ কৰিছে ।
 
 
স্মতৰ্ব্য যে লক  ডাউনৰ বাবে বহু পৰিয়াল ঘৰৰ ভিতৰত থাকিবলগীয়া হোৱাত বৰ্তমান সময়ত বহু খাদ্যসম্ভাৰৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে এক অভাৱনীয় পৰিস্থিৰ সৃষ্টি হোৱা দেখা গৈছে ।এনে সময়তে শিক্ষক সমাজে গ্ৰহণ কৰা পদক্ষেপক সকলোৱে শলাগ লৈছে ।
 
 

Comments (0)
Add Comment