শিল্পী জয়ন্ত হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত

শিল্পী জয়ন্ত হাজৰিকাৰ আজি ৮০ সংখ্যক ওপজা দিন।ওপজা দিন উপলক্ষে মহানগৰীৰ চান্দমাৰীস্থিত জয়ন্ত হাজৰিকাৰ উদ্যানত এক অনুষ্ঠানৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ উদ্যানত শিল্পী গৰাকীৰ প্ৰতিমূৰ্তিত সুৰ বাহিনীয়ে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে গীত পৰিৱেশন কৰা হয়। অনুষ্ঠানত প্ৰয়াত শিল্পী গৰাকীৰ পত্নী তথা কণ্ঠ শিল্পী মণিষা হাজৰিকা, জে পি দাস,কন্ঠশিল্পী শান্তা উজীৰ কন্ঠশিল্পী মানবিকা বৰাকে ধৰি উপস্থিতিত বহু গুণমুগ্ধই শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায়।

Comments (0)
Add Comment