শিৰীষ মহোৎসৱ অনুষ্ঠিত

নাহৰণি চাহ বাগিচাৰ শতবৰ্ষীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি পঞ্চম বাৰ্ষিক শিৰীষ মহোৎসৱ ১৬ আৰু ১৭ মাৰ্চত দুদিনীয়া কাৰ্য্যসূচীৰে নাহৰণি চাহ বাগিচাত এ পি পি এল ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। মূলত চাহ জনগোষ্ঠীৰ কৃষ্টি আৰু সাংস্কৃতিক বিকাশৰ উদেশ্য আগত ৰাখি ২০১৫ চনৰ পৰা আৰম্ভ হোৱা এই বিশেষ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা, চাহ জনগোষ্ঠীয় লোক সকলৰ গীত মাত আদিৰ লগতে শিৰীষ সাহিত্য বঁটা আৰু শিৰীষ সাংস্কৃতিক বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে এইবৰ্ষৰ এই বিশেষ বঁটা লাভ কৰে ক্ৰমে বিপিন চন্দ্ৰ মাহতো আৰু শিৱচৰণ দাসে। ইয়াৰ ওপৰিও নিশাৰ ভাগলৈ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে জনপ্ৰিয় সংগীত শিল্পী মানস ৰবীন ৰ লগতে চাজন নায়ক আৰু সুবিল বাৰ্গে।খবৰ যুগুতালে হিৰক  জ্যোতিয়ে..

Comments (0)
Add Comment