সমন্বয় সাধনৰ দিশে অগ্ৰসৰ হৈছে পৰিবৰ্ত্তন..

সমন্বয় সাধনৰ দিশে অগ্ৰসৰ হৈছে পৰিবৰ্ত্তন..

IMG-20170130-WA0037

পৰিবৰ্ত্তন। শব্দটোৱে পৰিচয় বহন কৰে। এনে এক পৰিচয়ৰে উজলি উঠিছে এক সামাজিক সংগঠন। যিয়ে সমাজ, প্ৰকৃতিৰ সুৰক্ষাৰ বাবে চলাই আহিছে এক প্ৰচেষ্টা। উল্লেখযোগ্য যে এই সংগঠনটো মহানগৰীৰ বশিষ্ঠ অঞ্চলৰ বৰপথাৰ নামৰ ঠাইত অৱস্থিত। সমাজকৰ্মী, প্ৰকৃতিপ্ৰেমী অলক পাঠকৰ প্ৰচেষ্টাত এনে এটা সংগঠনে প্ৰাণ পাই  উঠিছে। আজি পৰিবৰ্তনৰ উদ্যোগত সংস্কৃতিৰ উন্নয়ন সাধন, পৰম্পৰাৰ সমন্বয়ৰ উদ্দেশ্যে sanskritik mandala শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে অসম তথা উত্তৰপূবৰ ভাৰতৰ লগতে ইউৰোপৰ একাংশ শিল্পীয়ে।অনুষ্ঠানৰ লগত সংগতি ৰাখি  সংগীত, ফটোগ্ৰাফী, চিত্ৰাংকন আদিবোৰ অনুষ্ঠিত হয়। উল্লেখযোগ্য যে অহা ১৮ ফেবৰুৱাৰীত কলাক্ষেত্ৰ এই অনুষ্ঠানৰে প্ৰদৰ্শনী অনুষ্ঠিত হ’ব বুলি আয়োজকে জানিবলৈ দিছে।

Comments (0)
Add Comment