তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত সাংবাদিকৰ চিকিৎসা কল্যাণ আঁচনিৰ অধীনত এইবা ৬ গৰাকী সাংবাদিকলৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হ’ব।প্ৰদান কৰিব লগীয়া ধনৰ পৰিমাণ ২,৪৩,৭০৮ টকা।তথ্য আৰু জনসংযোগ বিভাগৰ সচিব নীৰা গগৈ সোণোৱালৰ অধ্যক্ষতাত সঞ্চালক অনুপম চৌধুৰী আৰু নিৰ্বাচন সমিতিৰ সদস্য সকলৰ উপস্থিতিত যোৱা ১৩ জুনত অনুষ্ঠিত বৈঠকত উক্ত আঁচনিৰ বাবে আবেদন কৰা সাংবাদিক সকলৰ মাজৰ পৰা ৬ গৰাকী সাংবাদিকক নিৰ্বাচিত কৰা হয়।নিৰ্বাচিত সাংবাদিক কেইগৰাকী হ’ল মনোৰঞ্জম মৰাণ, আদিত্য শইকীয়া, পংকজ সৰকাৰ,বিকাশজ্যোতি মহন্ত,খনীন ডেকা আৰু কুঞ্জমোহন ৰায়।
সাংবাদিকৰ চিকিৎসা কল্যাণ আঁচনিৰ অধীনত ৬ গৰাকী সাংবাদিকলৈ আৰ্থিক সাহাৰ্য্য
