সুশান্তৰ অনুৰাগীৰ বাবে ভাল খবৰ-গ্ৰেপ্তাৰ হ’ল সিদ্ধাৰ্থ পৃথানী

বিগত বৰ্ষৰ ১৪ জুনত সংঘটিত হৈছিল বলিউড কপাই যোৱা এক ঘটনা। যি ঘটনাই তোলপাৰ লগাইছিল হাইপ্ৰফাইল নেতা, অভিনেতা আৰু চলচিত্ৰ প্ৰেমীসকলৰ মাজত।
কিয়নো ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লৈছিল বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতে।সুশান্তৰ মৃত্যুৰ কাৰণ বিছাৰি চি বি আই,এন চি বি‌য়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত যেন সকলো সাথৰ হৈ ৰৈছে। ইফালে সুশান্তৰ মৃত্যুক সহজ মানি ল’ব পৰা নাই অনুৰাগীসকলে। প্ৰত্যেক দিনাই সুশান্তৰ অনুৰাগীসকল সুশান্তৰ ন্যায়ৰ বাবে যুঁজি আছে। তেনেসময়তে আজি গ্ৰেপ্তাৰ হ’ল সুশান্তৰ ফ্লেটমেট তথা বন্ধু সিদ্ধাৰ্থ পৃথানী।ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত সোধ পোছাৰ বাবে আটক কৰিছে সিদ্ধাৰ্থক।স্বাভাৱিকতে এইখবৰে অনুৰাগীসকলক উৎফুল্লিত কৰি তুলিছে। উল্লেখ্য যে, সুশান্তৰ মৃতদেহ ওলমি থকা অৱস্থাত দেখা পোৱা এক মাত্ৰ প্ৰত্যক্ষদৰ্শীজনেই হ`ল সিদ্ধাৰ্থ পৃথানী। জানিব পৰা মতে পৃথানীক হাইদৰাবাদৰ পৰা আটক কৰা হৈছে। ইয়াৰ পূৰ্বেও তেওঁ বহুবাৰ জেৰাৰ সন্মুখীন হৈছিল । অচিৰেই সিদ্ধাৰ্থক মুম্বাইৰ কৰ্টত হাজিৰ কৰাব বুলি এন চি বিয়ে প্ৰকাশ কৰিছে।

Comments (0)
Add Comment