সোণাৰিত ক’ভিড-১৯ ত আক্ৰান্ত ৰোগী আৰু স্বাস্থ্য কৰ্মীক খাদ্য সামগ্ৰী বিতৰণ কৰে

ৰাজ্যত ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বৃদ্ধি পাইছে কোৱাৰেণ্টাইন। শেহতীয়াকৈ চৰাইদেউ জিলাৰ ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত স্থাপন কৰা ক’ভিড কক্ষত সাতগৰাকী ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীক চিকিৎসা কৰাৰ ব্যৱস্থা কৰিছে।
 
 
চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ৰোগীৰ স্বাস্থ্যৰ বুজ ল’বলৈ আজি সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মানিক গগৈৰ নেতৃত্বত চৰাইদেউ যুৱ সমাজ তথা সোণাৰিৰ সাংবাদিকৰ এটা দল উপস্থিত হয়। চিকিৎসালয়খনৰ ক’ভিড কক্ষত নিয়োজিত চিকিৎসক তথা স্বাস্থ্য কৰ্মীৰ লগত সামাজিক দূৰত্ব বজাই ৰাখি সকলোৰে স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ফলমূল তথা খাদ্য সামগ্ৰী যোগান ধৰে।
 
আনহাতে আত্মস্বাৰ্থ পাহৰি নিজকে স্বাস্থ্য সেৱাত নিজকে নিয়োজিত কৰা চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলক কৃতজ্ঞতা জনায়। উল্লেখ্য যে চৰাইদেউ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা আঠগৰাকী ব্যক্তিৰ ভিতৰত আজি এগৰাকীক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিত ভূঞাই..

Comments (0)
Add Comment