স্বাস্থ্যমন্ত্ৰীৰ কৰ্মক সন্মান জনাই কবিতা লিখিলে চান্দনিকাই

এয়া এজন প্ৰকৃত যোদ্ধাৰ প্ৰতি কৰা সন্মান। এই যোদ্ধাজনে দিন ৰাতি একাকাৰ কৰি নিৰ্ভীকভাৱে  নিজৰ জীৱনকো তুচ্ছ কৰি জনসাধাৰণৰ বাবে সেৱা আগবঢ়াই গৈছে। সেনাবাহিনীৰ কোনো প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ সেনাৰ এজন সেনানীৰ দৰে ক’ভিড১৯ৰ বিৰূদ্ধে যুঁজ দি গৈছে।
 
 
জনসাধাৰণক প্ৰতিমুহুৰ্তত সজাগ কৰাৰ উপৰিও ৰাজ্যখনৰ বাবে যিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সকলো ব্যৱস্থাই গ্ৰহণ কৰি আহিছে। এয়া অইন কোনো নহয়। এয়া স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যাৰ আপাহতে এগৰাকী কণমানিয়ে ৰচনা কৰিছে স্বাস্থ্যমন্ত্ৰী গৰাকীকলৈ এটা কবিতা।
কণমানি গৰাকীৰ নাম চান্দনিকা চৌধুৰী। ঘৰ চান্দমাৰীৰ কৃষ্ণনগৰত। এন পি এছ ইণ্টাৰনেচনেল স্কুলত অষ্টম শ্ৰেণীত অধ্যয়নৰত চান্দনিকাই স্বাস্থ্যমন্ত্ৰীক লৈ কবিতা ৰচনা কৰিছে। যিটো কবিতা চ’চিয়েল মিডিয়াৰ জৰিয়তে ইতিমধ্যে ভাইৰেল হৈ পৰিছে।
 
 
সেই সম্পৰ্কত চান্দনিকাই এনেদৰে কয়- টিভিৰ বাতৰিত দেখি স্বাস্থ্যমন্ত্ৰীৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই কবিতাটো ৰচনা কৰিছে। উল্লেখ্য যে চান্দনিকাই এতিয়ালৈকে প্ৰায় ৪২টা কবিতা ৰচনা কৰিছে। প্ৰথম পৰ্যায়ৰ লকডাউনত চান্দনিকাই ক’ৰণা ভাইৰাছকে আদি কৰি বহুকেইটা কবিতা ৰচনা কৰিছে।
 
 
নৃত্যৰ প্ৰতি আগ্ৰহী চান্দনিকাই প্ৰাগ নিউজৰ ব’হাগৰ দুপৰীয়া নামৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছিল। ক’ভিড১৯ক প্ৰতিৰোধ কেনেদৰে কৰিব লাগে সেই সম্পৰ্কত মূল কথাখিনিও চান্দনিকাই নিজৰ ভাষাৰে কৈ জনসাধাৰণৰ বাবে এক সজাগতামূলক বাৰ্তা পঠিয়াইছিল। উল্লেখ্য যে কণমানি চান্দনিকাৰ মাতৃ ডাক্তৰ কৰবী হাজৰিকা চৌধুৰী জিলা ন’ডেল বিষয়া হিচাপে আৰু পিতৃ মনোজ চৌধুৰী গোৱালপাৰা জিলাত জলসিঞ্চন বিভাগত কৰ্মৰত হৈ আছে।

Comments (4)
Add Comment
  • Mamoni kalita

    God bless beta

  • TAPAN SHIVAM

    Stay blessed always miss chandanika