হৰ্ণবিল ফেষ্টিভেল

পৰ্যটন ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ উদ্দেশ্য নগালেণ্ড চৰকাৰে ০১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ হৰ্ণবিল ফেষ্টিভেল আয়োজন কৰিছে। উল্লেখযোগ্য যে হৰ্ণবিল ফেষ্টিভেলত নগালেণ্ডৰ ঐতিহ্য, পৰম্পৰা সংস্কৃতি আদি প্ৰদৰ্শন কৰা হ’ব। কিচামা গাঁৱত এই উৎসৱ অনুষ্ঠিত হ’ব। উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা খেল- ধেমালি অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতা বোৰৰ ভিতৰত জলকীয়ে খোৱা প্ৰতিযোগিতা, Pork খোৱা প্ৰতিযোগিতা আদিবোৰ অতিথিৰ বাবে মুকলি থাকিব । নগা সকলৰ বিখ্যাত মুৰোঙ ঘৰ সমূহত বিভিন্ন জনজাতিৰ জীৱন শৈলী প্ৰৰ্দশন কৰা হ’ব। বিভিন্ন দেশৰ দেশী- বিদেশী পৰ্যটকে হৰ্ণবিল ফেষ্টিভেলৰ আমোদ ল’বলৈ অহা দেখা যায়। পৰ্যটকৰ সুবিধাৰ অৰ্থে কিচামা গাঁৱৰ পৰা ১০০ মিটাৰ দুৰত KITE MANJA অস্থায়ী কেম্পৰ সুব্যৱস্থা আছে।

উল্লেখযোগ্য এনে উৎসৱ কেৱল কিচামা গাঁৱতেই নহয় দাঁতিকাষৰীয়া গাওঁ সমূহটো পৰ্যটনৰ বাট মুকলি কৰিছে।

Comments (0)
Add Comment