৩১ গৰাকী সাংবাদিকলৈ চিকিৎসা সাহাৰ্য্য প্ৰদান

সাংবাদিক সকলে দিনে নিশাই ৰ’দে বতাহে কষ্ট স্বীকাৰ কৰি বাতৰি পৰিবেশন কৰে। এই সাংবাদিক সকলৰ কল্যাণৰ বাবে বৰ্তমান ৰাজ্য চৰকাৰে বহুকেইখন আঁচনি গ্ৰহণ কৰিছে আৰু অনাগত দিনতো তেখেতসকলৰ সমস্যা সমূহ নিৰাময়ৰ দিশত সদিচ্ছাৰে পদক্ষেপ গ্ৰহণ কৰিব। এই মন্তব্য মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ। আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত তথ্য আৰু জনসংযোগ বিভাগৰ সৌজন্যত আয়োজিত সাংবাদিক চিকিৎসা কল্যাণ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰোগত আক্ৰান্ত ৩১ গৰাকী সাংবাদিকলৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে  লগতে  সাংবাদিকৰ বিভিন্ন আঁচনি সম্পৰ্কে অৱগত কৰে। আজিৰ এই অনুষ্ঠানত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment