আজিৰে পৰা ২৪ জানুৱাৰীলৈকে ৭ দিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলা প্ৰশাসন আৰু ধেমাজি ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব গ্ৰন্থৰ উৎসৱ।ধেমাজি ডি. আৰ. ডি. এ প্ৰাংগণত অনুষ্ঠিত হোৱা এই উৎসৱ ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা হৈছে।এই উৎসৱত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন,ৰচনা,কুইজ,তৰ্ক,প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।লগতে ব্যক্তিত্ব আৰু নেতৃত্ব বিকাশ কৰ্মশালা, কেৰিয়াৰ পৰামৰ্শ, গ্ৰন্থ শোভাযাত্ৰা, জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ,কবি সন্মিলন, চিত্ৰ প্ৰদৰ্শনী,সাংস্কৃতিক অনুষ্ঠান, ভাওনা প্ৰদৰ্শন আদি অনুষ্ঠিত হ’ব।
৭দিনীয়া কাৰ্যসূচীৰে ১৮জানুৱাৰীৰ পৰা আৰম্ভ ধেমাজি গ্ৰন্থ উৎসৱ
