কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত কাইলৈ অৰ্থাৎ ৮ ডিচেম্বৰত দেশৰ কৃষক সংগঠনসমূহে দেশ জুৰি ভাৰত বন্ধৰ আহ্বান জনাইছে।
উল্লেখযোগ্য যে এই কৃষি আইন বাতিলৰ দাবীত দিল্লীৰ লগতে ইয়াৰ সীমান্তৰ সংযোগী এলেকাবোৰত বিগত ১১ দিনে দেশৰ কেইবাখনো ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।
ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে প্ৰতিবাদী কৃষক সংগঠন সমূহে পাঁচলানিকৈ আলোচনাত অংশগ্ৰহণ কৰিছিল যদিও আটাইকেইটালানি আলোচনাই ব্যৰ্থ হৈছে।আলোচনা চলি থকাৰ মাজতে প্ৰতিবাদী কৃষকসকলে ভাৰত বন্ধৰ আহ্বান জনাইছিল।
ইফালে ভাৰতীয় কৃষাণ ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকাইট সংবাদ প্ৰতিষ্ঠান এনআইএৰ আগত কয় যে ৮ ডিচেম্বৰ ভাৰত বন্ধ পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ ভাৰত বন্ধ বলবৎ হ’ব।মুখপাত্ৰ গৰাকীৰ মতে অফিচ কাছাৰীসমূহ যাতে সুচাৰুৰূপে চলিব পাৰে তাৰ বাবেই বন্ধৰ সূচী এইদৰে তৈয়াৰ কৰা হৈছে।আমি বিচৰা নাই যে আমাৰ বন্ধৰ বাবে সাধাৰণ লোকসকল সমস্যাত পৰক।সেয়ে আমি পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ বন্ধৰ আহ্বান জনাইছো । যাতে কাৰ্যালয়সমূহতো প্ৰভাৱ নপৰে।
আনহাতে পৰিবহন সেৱা আৰু বেংকিং ছেক্টৰসমূহত বন্ধৰ প্ৰভাৱ পৰিব বুলি ধাৰণা কৰা হৈছে। ইফালে স্বাস্থ্য সেৱা,বিবাহ আদিত জড়িত পৰিবহন সেৱাসমূহ স্বাভাৱিক ভাৱে চলি থাকিব বুলি জনাইছে।এয়া হৈছে প্ৰতীকী প্ৰতিবাদ।ইয়াৰ দ্বাৰা আমি যে চৰকাৰৰ নীতি সমূহক সমৰ্থন নকৰো সেয়াহে জনাব বিচাৰিছো।
৮ ডিচেম্বৰৰ পুৱা ১১বজাৰ পৰা দেশজুৰি ভাৰত বন্ধৰ আহ্বান জনাইছে দেশৰ কৃষক সংগঠনে
