বিশেষ ভাবে সক্ষম লোক সকলৰ হৈ ৰঙিয়া নগৰৰ মাজমজিয়াস্থিত গান্ধীমণ্ডপ প্ৰাংগনত গৰীৱ নন্দন জনকল্যাণ সমিতি নামৰ বেচৰকাৰী সংস্থাটোৱে আজি এক অৱস্থান ধৰ্ঘঘট পালন কৰে । সংস্থাটোৰ সভাপতি বিপুল কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে,ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়া মহকুমাতো গৰিষ্ঠসংখ্যক বিশেষ ভাৱে সক্ষম লোক বঞ্চিত হৈ আছে । চৰকাৰৰ দিব্যাংগ পেঞ্চনটোৰ বাবে বাট চাই চাই কিছুমানৰ মৃত্যু হ’ল, একাংশৰ আকৌ দিব্যাংগ প্ৰ-পত্ৰখনৰ ম্যাদ উকলিল,কিন্তু কোনো সুফল লাভ নকৰিলে চৰকাৰী আচঁনিৰ। কলিতাই চৰকাৰক অনুৰোধ কৰি কয় যে, অহা দহ ফেব্ৰুৱাৰীৰ ভিতৰত এই বঞ্চিত লোক সকলৰ পেঞ্চনটো যেন মোকলাই দিয়াৰ ব্যৱস্থা কৰে।
ৰঙিয়াত দিব্যাংগসকলক লগত লৈ গৰীৱ নন্দন জনকল্যাণ সমিতিৰ অৱস্থান ধৰ্ঘঘট
