ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ ..

আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৪সংখ্যক জন্ম দিৱস। সুধাকণ্ঠ জন্মদিৱসৰ সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ঠাইত সুধাকণ্ঠক স্মৰণ কৰি বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হয়।
 
ডক্টৰ ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসে এইবাৰ যশস্বী শিল্পী পদ্মশ্ৰী যতীন গোস্বামীক ভূপেন হাজৰিকা সমন্বয় বঁটা প্ৰদান কৰিব।জানিব পৰা মতে ন্যাসে গোস্বামীৰ ঘৰলৈ গৈ এই বঁটা প্ৰদান কৰিব।
 
আনহাতে চলিত বৰ্ষৰ ভূপেন হাজৰিকা হিতৈষী বঁটা আগবঢ়োৱা হৈছে কল্পনা লাজমীৰ মাতৃ ললিতা লাজমীলৈ।মুম্বাইস্থিত বাসগৃহত গৈ এই বঁটা প্ৰদান কৰিব।উল্লেখযোগ্য যে ক’ৰণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অনুষ্ঠান অনুষ্ঠিত নকৰিলেও অনুষ্টুপিয়াকৈ সুধাকন্ঠ জন্ম দিন উদযাপন কৰা পৰিলক্ষিত হৈছে।
 
আনহাতে আজি সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থা উদ্যোগত ৯৪ গছি বন্তি প্ৰজ্বলন কৰিব বুলি জানিব পৰা গৈছে। তদুপৰি প্ৰতিখন জিলা ,মহকুমা , আঞ্চলিক, শাখা আৰু গোটে নিজ নিজ অঞ্চলত সুধাকন্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। এই কথা সদৰী কৰিছে ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু সাংস্কৃতিক সম্পাদক অনিল গগৈয়ে।সমান্তৰালভাবে জালুকবাৰীস্থিত সমাধিক্ষেত্ৰতো সুধাকণ্ঠক স্মৰণ কৰি অনুষ্ঠান অনুষ্ঠিত হয়।

Comments (0)
Add Comment