ৰাণী কোচিং চেণ্টাৰৰ উদ্যোগত অভিৰুচী ক্ৰীড়া দিৱস উদযাপন

সুদক্ষ খেলুৱৈ, জাতিৰ গৌৰৱ, দেশৰ সম্পদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে প্ৰতিবছৰে উদযাপন কৰা হয় অভিৰুচী ক্ৰীড়া দিৱস। এইবেলিও বৰুৱাৰ ৩৯ তম জন্ম দিৱস উপলক্ষে অভিৰুচী ক্ৰীড়া দিৱস উদযাপন সমিতিৰ অধীনত ৰাজ্যজুৰি পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱসটি। মহানগৰীৰ সমীপৱৰ্তী বৃহত্তৰ ৰাণীৰ একমাত্ৰ ক্ৰীড়াৰ প্ৰশিক্ষণ কেন্দ্ৰ “ৰাণী কোচিং চেণ্টাৰ”ৰ উদ্যোগত ৰাতিপুৱাই এক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাৰ ফ্লেগ অফ্ কৰে ৰাষ্ট্ৰীয় খেলুৱৈ কমলেশ্বৰ কলিতাই। এই কাৰ্যসূচীত চেণ্টাৰটোৰ সভাপতি তথা ৰাষ্ট্ৰীয় সুদক্ষ ফুটবল খেলুৱৈ গোৱিন্দ বড়ো, সম্পাদক দ্বীপজ্যোতি বড়ো, বিত্ত সম্পাদক ভাইটি বড়ো শুভাকাংক্ষী দেৱকান্ত বসুমতাৰী, আমজেদ আলী, তপন ঠাকুৰীয়া আৰু ভাষ্কৰজ্যোতি কলিতা। অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অৰ্ধশতাধিক যুৱ খেলুৱৈ প্ৰায় ৮ কিলোমিটাৰ এই শোভাযাত্ৰাত অংশগ্ৰহন কৰে।

Comments (0)
Add Comment