সুদক্ষ খেলুৱৈ, জাতিৰ গৌৰৱ, দেশৰ সম্পদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে প্ৰতিবছৰে উদযাপন কৰা হয় অভিৰুচী ক্ৰীড়া দিৱস। এইবেলিও বৰুৱাৰ ৩৯ তম জন্ম দিৱস উপলক্ষে অভিৰুচী ক্ৰীড়া দিৱস উদযাপন সমিতিৰ অধীনত ৰাজ্যজুৰি পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱসটি। মহানগৰীৰ সমীপৱৰ্তী বৃহত্তৰ ৰাণীৰ একমাত্ৰ ক্ৰীড়াৰ প্ৰশিক্ষণ কেন্দ্ৰ “ৰাণী কোচিং চেণ্টাৰ”ৰ উদ্যোগত ৰাতিপুৱাই এক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাৰ ফ্লেগ অফ্ কৰে ৰাষ্ট্ৰীয় খেলুৱৈ কমলেশ্বৰ কলিতাই। এই কাৰ্যসূচীত চেণ্টাৰটোৰ সভাপতি তথা ৰাষ্ট্ৰীয় সুদক্ষ ফুটবল খেলুৱৈ গোৱিন্দ বড়ো, সম্পাদক দ্বীপজ্যোতি বড়ো, বিত্ত সম্পাদক ভাইটি বড়ো শুভাকাংক্ষী দেৱকান্ত বসুমতাৰী, আমজেদ আলী, তপন ঠাকুৰীয়া আৰু ভাষ্কৰজ্যোতি কলিতা। অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অৰ্ধশতাধিক যুৱ খেলুৱৈ প্ৰায় ৮ কিলোমিটাৰ এই শোভাযাত্ৰাত অংশগ্ৰহন কৰে।
Trending
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ