ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত অসম সন্তানৰ সফলতা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক বুটলি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অসম সন্তান যুৱৰাজ ৰায়ে। হিমাচল প্ৰদেশত কুল্লুৰ মনালীত অনুষ্ঠিত হোৱা ষষ্ঠ ভাৰত মুকলি ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত এই খিতাপ দখল কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে তেওঁ ৬৩ কেজি ওজনৰ বিভাগত খেলি স্বৰ্ণ পদক আজুৰি আনিছে।যুৱৰাজৰ এই সফলতা বিলাসীপাৰ চহৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।এই উপলক্ষে বিলাসীপাৰাত আয়োজন কৰা হৈছে সম্বৰ্ধনা সভা।ছাত্ৰ জনৰ এই কৃতিত্ববৰ বাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰিছে।

Comments (0)
Add Comment